Poetry Collection

Expressing emotions through words.

আৰু এটা বছৰ

আৰু এটা বছৰ বৈ গ'ল, আৰু অলপ সময় পাৰ হ'ল । বহুত কিবাকিবি জিনিলো, বহুত কিবাকিবি শিকিলোঁ । বহুজন পালো আগলৈ যাবলৈ, বহুজনক এৰি আহিলো আগবাঢ়ি যাবলৈ । বহু ক্ষণ জীয়ালো যাক চিৰ জীৱন মনত ৰাখিম, কেইটামান আছিল যাক পাহৰিব চেষ্টা কৰিম । বছৰৰ আৰম্ভণিয়ে আজি বছৰ শেষ লগ পালে, বহু সময় কথা পাতিলে, অলপ সুখ দুখৰ গীত গালে । আজি কথা দিছোঁ নতুন বৰ্ষক, আগতকৈ বেছি ভাল হ'ম, বহুত হৈ গ'ল চকুপানীৰে খেলা, এইবাৰ সুখৰ সোৱাদ ল'ম ।

মৃত্যু

মৃত্যু এটা দেৱতা নে মৃত্যু এটা দত্য, মৃত্যু হৈছে জীৱনৰ একমাত্ৰ সত্য । জানি বুজিকেনেও তাক, কি লাভ ভয় খোৱা, নিশ্চয়তা বুলি তাক, নিজে আকোঁৱালি লোৱা । মৃত্যু আমাৰ শত্ৰু নহয়, ই আমাৰ চিৰজীৱনৰ মিত্ৰ, মিছাৰে ভৰা এই জগতখনিৰ ই একমাত্ৰ পৰম সত্য । যেতিয়ালৈ আছা এই পৃথিৱীত, জীয়াই লোৱা খুলি নিজৰ হৃদয়খন, কাৰণ যিদিনা আহিব মৃত্যুৰ আহ্বান, খাৰিজ কৰিব নোৱাৰিবা সেই নিমন্ত্ৰণ। যিমান ইচ্ছা কৰি লোৱা তাৰ লগত তুমি ৰণ, এদিনটো উঢ়িবই লাগিব মৃত্যুৰ আৱৰণ ।

সচা প্ৰেম

সচা প্ৰেম কৰিব শিকিছে মাথো সিজনে, যিয়ে নিজক হেৰুৱাই দিব পাৰে সুখি মনে । দুখে হিয়াখন আৱৰি ধৰিছিল, কিন্তু নুটোকিলো মই চকুলো । প্ৰেমৰ এই পথত অকলে থিয় দি আছো আজি, হেৰাই মোৰ সকলো । তাই মোৰ জীৱনত থাকিব নে নাই, সেইয়া আছে ভাগ্যৰ হাতত ।
তাই মোৰ হিয়াৰ আলয়ত থাকিব নে নাই, সেইয়া মাথো মোৰ মনৰ ওপৰত । তাইক যিমানে পাহৰিব খুজিলো, সিমানেই বেছি পৰিল মনত । এবাৰ মনত ৰাখিব চেষ্টা কৰিয়ে চাও চোন, কি থিক পাহৰিয়ে যাও কোনোবা সময়ত ।

আজি অকলশৰীয়া

আজি অকলশৰীয়া ভিৰৰ মাজত, কালি অকলে আছিলো নিজৰ লগত । আজি সংগীহীন লগৰ মাজত, কালিও আছিলো নিজৰ সংগত । জীৱন নৈখনিৰ অবুজন এই মায়া, আনৰ কথা বাদেই আজি লগত নাই নিজৰেই ছায়া । কালিও কোনো নাছিল আজিও কোনো নাই, পিছলেও নাথাকে কোনো । অকলেই যুজিছিলো অকলেই যুজি যাম, চকুলো নুটোকো অকনো । জীৱন যুদ্ধৰ এই মহাৰণত, নামানো কেতিয়াও হাৰ । জিকিলে জিকিম হাৰিলে শিকিম, অথলে নাজায় পোৱা এটাও প্ৰহাৰ ।

আত্ম পৰিচয়

বিচাৰি আছোঁ, কাক নাজানো কিন্তু বিচাৰি আছোঁ । কেতিয়াবা অকলশৰে, কেতিয়াবা আনৰ লগত তাক বিচাৰি আছোঁ । কেতিয়াবা নিৰবতাত, কেতিয়াবা হায় হাল্লাত তাক বিচাৰি আছোঁ । কেতিয়াবা নিজৰ মাজত, কেতিয়াবা আনৰ মুখত তাক বিচাৰি আছোঁ । মাজে মাজে তাক দেখা পাওঁ, কিন্তু পলকতে তাক আকৌ হেৰাই পেলাও । বিচাৰি পাও তাক বোলছবিৰ মাজত, বিচাৰি পাও তাক কিতাপৰ পাতত । কেতিয়াবা দেখো তাক আনৰ কামত, কেতিয়াবা শুনো তাক আইৰ মাতত । তাক হেৰোৱাৰ পৰা জীৱনতো ভয়, কিয়নো সি মোৰ আত্ম পৰিচয় ।

জীৱন যাত্ৰাৰ

জীৱন যাত্ৰাৰ এটাই নিয়ম ! অকলে আহিছিলো , অকলে যাম , অলপ দূৰ যাবলে মাজতে বন্ধু দুজনমান পাম । সদায় দেখিম নতুন ৰং, সদায় পাম নতুন বাট, জীৱনে প্ৰতিটো স্তৰতে ৰচে দুদিনীয়া এখন নতুন নাট । সুখো থাকিব দুখো থাকিব, উঠিব খং উঠিব হাঁহি, নিজৰ দোষকো গুণ বনাইলৈ, বজাই যাম জীৱনৰ বাঁহী । সফলতাতটো সবে থাকে, থাকিম কাৰোবাৰ বিফলতাৰ ক্ষণত, যিমান দূৰলৈ যাওক, যিমান শিখৰ পাওক চিৰ জীৱন ৰাখিব মনত । এই তেজ মঙহৰ দেহা, আজি আছে কালি নাই, কাৰ কিতো যায়, বিশ্বসম্ৰাট হওক বা বাটৰ ভিক্ষুক, অন্তত সবে মৃত্যুক নমস্কাৰ জনায়